ম্যানমাৰৰ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৭০০ অতিক্ৰম

ম্যানমাৰত যোৱা সপ্তাহত অহা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ২ হেজাৰ ৭০০ অতিক্ৰম কৰিছে। ম্যানমাৰৰ সামৰিক নেতা মীন আং হ্লাইনে আজি টেলিভিছনযোগে দিয়া ভাষণত এইকথা প্ৰকাশ কৰে। তেওঁ লগতে এই ভূমিকম্পত নিহতৰ সংখ্যা ৩ হাজাৰ অতিক্ৰ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে। ভূমিকম্পৰ ফলত ৪ হাজাৰ ৫২১ জন আহত হোৱা বুলি আৰু ৪৪১ জন লোক সন্ধানহীন হৈ থকা বুলি তেওঁ প্ৰকাশ কৰে।
শুকুৰবাৰে দেশখনৰ মাণ্ডলে অঞ্চলত ৭ দশমিক ৭ প্ৰাৱল্যৰ ভূমিকম্প আহিছিল। ইয়াৰ কেইমিনিটমান পাছত অঞ্চলটোত ৬ দশমিক ৪ প্ৰাৱল্যৰ আৰু এটা ভূইকপৰ জোকাৰণি অনুভূত হৈছে। ইয়াৰ ফলত দেশখনত ব্যাপক ধন জন হানি হৈছে।
দেশখনত উদ্ধাৰ অভিযান পূর্ণগতিত চলি আছে। ভাৰতে ব্ৰহ্মা অভিযানৰ অধীনত শনিবাৰৰ পৰা উদ্ধাৰ অভিযানত সহায় কৰি আছে। ভাৰতে দেশখনলৈ উদ্ধাৰকাৰী আৰু চিকিৎসকৰ দল, সাহায্য সামগ্ৰী, ঔষধ আদি প্ৰেৰণ কৰিছে। ভাৰতীয় নৌসেনাই কেইবাখনো জাহাজেৰে য়ংগুনলৈ সাহায্য যোগান ধৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে ব্ৰহ্ম অভিযানৰ অধীনত বায়ু সেনাৰ চি-ৱান থ্রি জিৰো জে শ্ৰেণীৰ এখন বিমানে আজি পুৱা ১৬ জন অত্যাৱশ্যকীয় মানৱীয় সাহায্য, চাউল আৰু খাদ্য সামগ্ৰীৰ সৈতে মাণ্ডলেলৈ ৰাওনা হৈছে। নৌসেনাৰ আই এন এছ ঘৰিয়াল ৪৪২ মেট্রিকটন অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে বিশাখাপট্টনমৰ পৰা ৰাওনা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। তেঁও কয় যে মালেত নৌসেনাৰ ক্ষেত্র হস্পিতাল গোট স্থাপন কৰা হৈছে। আই এন এছ শতপুৰা আৰু আই এন এছ সাবিত্রী কালি ৪০ টন সামগ্ৰীৰে দেশখনত উপস্থিত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।