ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 26, 2024 8:24 PM | S Jaisankar

printer

ম্যানমাৰৰ ভাৰত সীমান্তত হিংসা আৰু অস্থিৰতাক লৈ মন্ত্রী ড০ এছ জয়শংকৰৰ গভীৰ উদ্বেগ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ম্যানমাৰৰ ভাৰত সীমান্তৱৰ্ত্তী এলেকাত অব্যাহত থকা হিংসা আৰু অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। শ্ৰীজয়শংকৰে ম্যানমাৰৰ উপ-প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্রী ইউ থান শ্বেক নতুন দিল্লীত সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই পৰিস্থিতিৰ সমাধান কৰাৰ বাবে সকলো অংশীদাৰকে অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছুক। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে তেওঁ বিশেষকৈ চোৰাং অস্ত্ৰ সৰবৰাহ, নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা তথা মানৱ সৰবৰাহৰ দৰে ঘটনা প্ৰধান প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে। তেওঁ মায়াৱৰীত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক শীঘ্ৰেই দেশলৈ ঘূৰাই অনাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰতো আগ্রহী বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।