ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণৰ ফলত সংগঠনটোৰ ৩ জন সদস্য নিহত হোৱা বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে। সেনা বাহিনীয়ে ম্যানমাৰৰ সেনা বাহিনীৰ সহযোগত সংগঠনটোৰ শিবিৰত আক্ৰমণ চলোৱা বুলিও প্ৰকাশ কৰা হৈছে। এই আক্ৰমণত নয়ন অসম, গণেশ অসম আৰু প্ৰদীপ অসম নামৰ সদস্য কেইজনৰ মৃত্যু হোৱা বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে। ইপিনে, আমাৰ বজালী জিলাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে সংগঠনটোৰ নিহত সদস্যসকলৰ ভিতৰত নয়ন অসম ওৰফে নয়ন মেধি নামৰ সদস্যজন জিলাখনৰ ডুমুৰীয়াৰ বাসিন্দা আছিল আৰু ১৯৮৯ চনত তেওঁ সংগঠনটোত যোগ দিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি এই আক্ৰমণৰ সৈতে অসম আৰক্ষী জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে। তেওঁ লগতে অসমৰ পৰা এই আক্ৰমণ কৰা হোৱা নাই আৰু সেনা বাহিনীৰ তৰফৰ পৰাও এনে ধৰণৰ আক্ৰমণৰ কোনো তথ্য এতিয়ালৈ লাভ কৰা হোৱা নাই বুলিও উল্লেখ কৰে।
Site Admin | July 13, 2025 8:05 PM | ULFA Death
ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত ৩জন সদস্য নিহত