ম্যানমাৰৰ পশ্চিম ৰাখিনে ৰাজ্যৰ ক্যাওকট’ চহৰৰ দুখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত যোৱা নিশা সংঘটিত হোৱা বিমান আক্ৰমণত ১৯ জন শিক্ষার্থী নিহত হোৱাৰ লগতে ২০জন গুৰুতৰভাৱে আঘাটপ্রাপ্ত হৈছে। আৰাকান সেনা আৰু দেশখনৰ সাহায্য সংস্থাৰ মতে, নিশা ছাত্র-ছাত্রীসকল শুই থকাৰ সময়তে এই আক্রমণ সংঘটিত হৈছিল। ১৫ৰ পৰা ২১ বছৰ বয়সৰ শিক্ষাৰ্থীয়ে অধ্যয়ণ কৰা দেশখনৰ পিনাৰ পান খিন হাইস্কুল আৰু এ মাইন থিট হাইস্কুলক লক্ষ্য কৰি কৰা এই বিমান আক্ৰমণ কৰা হৈছিল। স্থানীয় সংবাদ প্রতিষ্ঠান ‘ম্যানমাৰ নাও “য়ে প্ৰকাশ কৰা অনুসৰি এখন জান্টা যুদ্ধবিমানে হাইস্কুলদুখনত ৫০০ পাউণ্ডৰ দুটা বোমা নিক্ষেপ কৰিছিল। উল্লেখযোগ্য যে ইউনিচেফে এই আক্ৰমণৰ ঘটনাক তীব্ৰভাৱে নিন্দা কৰি ইয়াক “নিষ্ঠুৰ আক্ৰমণ” বুলি অভিহিত কৰাৰ লগতে ৰাখাইন প্রদেশত চলি থকা সংঘর্ষত শিশু আৰু অসামৰিক লোক যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা বিষয়তো গুৰুত্ব আৰোপ কৰিছে।
Site Admin | September 13, 2025 8:49 PM | Myanmar Death
ম্যানমাৰত বিমানেৰে কৰা আক্ৰমণত ১৯জন শিক্ষার্থী নিহত, ২০জন গুৰুতৰভাৱে আহত
