ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ

ম্যানমাৰত আজি সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ অনুষ্ঠিত হ’ব। তিনিটা পৰ্যায়ত হ’বলগীয়া এই নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ বাবে ১১ জানুৱাৰীত, আৰু তৃতীয় পৰ্যায়ৰ বাবে ২৫ জানুৱাৰী ভোট গ্রহণ কৰা হ’ব। দেশখনত সামৰিক অভ্যূত্থানৰ বাবে নবেল বঁটা প্ৰাপক আং-চাং-ছ্যু কি চৰকাৰৰ পতনৰ পাঁচ বছৰ পাছত সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছে। দেশখনৰ জনসাধাৰণে এই সামৰিক অভ্যূত্থানৰ ব্যাপক বিৰোধীতা কৰিছিল। আজি দেশখনৰ ৩৩০ৰ ভিতৰত ১২০ টা সমষ্টিত ভোটগ্রহণ হোৱাৰ কথা আছিল যদিও ৫৬টা সমষ্টিত ভোটগ্রহণ বাতিল কৰা হৈছে। এইবাৰৰ নিৰ্বাচনত ৬টা দলে সকলো সমষ্টিতে প্রার্থী থিয় কৰাইছে। নিৰ্বাচনত ম্যানমাৰৰ সংসদ নেচনেল লেজিষ্টলেচাৰৰ দুয়ো সদনৰ লগতে ৰাজ্যিক আৰু আঞ্চলিক বিধানসভাৰ ১১০০ৰো অধিক আসনৰ বাবে প্রায় ৫ হেজাৰ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আং- চাং-ছ্যু কি আৰু তেওঁৰ দলে নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই ৷
ম্যানমাৰৰ সেনাবাহিনীয়ে ২০২০ চনৰ নিৰ্বাচনত ভোট দাতা পঞ্জীয়নৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ তুলি ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ক্ষমতা হস্তগত কৰিছিল।