ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 6, 2025 8:46 PM | Nobel Award

printer

মেৰী, ই. ব্রাংক’, ফ্রেড ৰেমছডেল, শ্বিমন চাকাগুচিলৈ ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ দিশত যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী মেৰী, ই. ব্রাংক’ আৰু ফ্রেড ৰেমছডেলৰ লগতে জাপানৰ শ্বিমন চাকাগুচিক ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে আমাৰ শৰীৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰা সহস্রাধিক অণুজীৱৰ পৰা ৰোগ প্ৰতিৰোধ প্রণালীয়ে কেনেদৰে আমাক সুৰক্ষিত কৰি ৰাখে সেই দিশত কৰা আৱিস্কাৰৰ বাবে বিজ্ঞানীসকলক নবেল বঁটাৰ বাবে বাছনি কৰা হৈছে। আজি ছুইডেনৰ ষ্টকহোমত অনুষ্ঠিত এটা অনুষ্ঠানত নোবেল কমিটীয়ে তিনিওগৰাকী বিজ্ঞানীকে “টি” কোষ চিনাক্ত কৰাৰ বাবে সন্মানিত কৰে। এই কোষ হৈছে শৰীৰৰ নিজা কলাবোৰৰ আক্ৰমণক ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাধা দিয়া মূল উপাদান। এই আৱিষ্কাৰৰ ফলত অটোইমিউন ৰোগ, কৰ্কট ৰোগ আৰু অংগ সংৰোপনৰ ক্ষেত্রতো নতুন চিকিৎসাৰ পথ প্রশস্ত হৈছে। বিশ্বজুৰি সমাদৃত তেওঁলোকৰ এই কর্মই এতিয়া বিশ্বজুৰি চিকিৎসা সেৱাৰ বিভিন্ন কৌশলসমূহক প্রভাৱিত কৰিছে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পর্কীয় বিভিন্ন সমস্যাটো ৰোগীৰ ফলাফল যথেষ্ট উন্নত হোৱাৰ আশা কৰা হৈছে। উল্লেখযোগ্য যে ১৯৬১ চনত জন্মগ্রহণ কৰা বিজ্ঞানী ব্রাংক’ৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল। তেওঁ বর্তমান ছিতেলৰ ইনষ্টিটিউট ফৰ চিষ্টেমছ বায়’লজীৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপে কৰ্মৰত। একেদৰে ফ্রেড ৰেমছডেলৰ জন্ম ১৯৬০ চনত। তেওঁ ১৯৮৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফর্ণিয়া-লছ এঞ্জেলেছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল। তেওঁ বর্তমান ছান ফ্রান্সিস্কোৰ চ’ন’মা বায় ‘থেৰাপিউটিক্সৰ বৈজ্ঞানিক উপদেষ্টা। ইপিনে ১৯৫১ চনত জন্মগ্রহণ কৰা চাকাগুচিয়ে ১৯৭৬ চনত জাপানৰ কিয়োটো বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰাৰ লগতে ১৯৮৩ চনত ডক্টৰেট ডিগ্রী লাভ কৰিছিল। বিজ্ঞানীগৰাকী বৰ্তমান জাপানৰ ওছাকা বিশ্ববিদ্যালয়ৰ ইমিউন’লজী ফ্রন্টিয়াৰ গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ অধ্যাপক। নোবেল বঁটাৰ সৈতে তিনিওজন বিজ্ঞানীয়ে ১১ মিলিয়ন চুইডিছ ক্ৰোনাৰ ধনৰাশি লাভ কৰিব।