ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 6, 2025 7:55 PM | Assam Eviction

printer

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু

গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগ পৰহিলৈ মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু হৈছে। আৰক্ষী, বন বিভাগৰ লোকে আজি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। উচ্ছেদৰ বাবে মাজত এটা দিন বাকী থকা অৱস্থাত প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰিবিল অঞ্চল খালী কৰাৰ বাবে শেষৰ বাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে নেঘেৰিবিলত উচ্ছেদ হ’বলগীয়া ২০৫ টা পৰিয়ালৰ ভিতৰত ৭৪ টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰিবিলৰ ৫৯ টা আৰু নামবৰ বনাঞ্চলত ১৫ টা পৰিয়াললৈ সাময়িকভাৱে সকাহ প্ৰদান কৰে আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সয়সীমা ১৪ আগষ্টলৈ বৃদ্ধি কৰে।