গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলায়। অঞ্চলটোত অবৈধভাৱে বাস কৰা ২০৫ টা পৰিয়ালৰ ভিতৰত ১৪৬ টা পৰিয়ালক উচ্ছেদৰ লক্ষ্যৰে প্ৰশাসনে এই অভিযান চলাইছে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এস্কেভেটৰ কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হৈছে। শান্তিপূৰ্ণভাৱে চলা দিনজোৰা উচ্ছেদ অভিযানৰ পাছত নেঘেৰিবিলত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সচিবগৰাকীয়ে উচ্ছেদ অভিযানৰ প্ৰথম পৰ্যায়ত ১৪৬ টা বাসগৃহ উচ্ছেদ কৰা হয় বুলি জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অঞ্চলটোৰ ৫৯ টা পৰিয়ালক ১৪ আগষ্ট পৰ্যন্ত কিছু সকাহ দিয়াৰ কথা উল্লেখ কৰি শ্ৰী যাদৱে অঞ্চলটোত পুনৰ ১৬ আগষ্টৰ পৰা উচ্ছেদ চলিব বুলি প্ৰকাশ কৰে। তেওঁ লগতে উৰিয়ামঘাটতো ১৫ আগষ্টৰ পাছত পুনৰ উচ্ছেদ চলোৱা হ’ব বুলি জানিবলৈ দিয়ে। ইপিনে, নেঘেৰিবিলত উচ্ছেদিত ভূমিক নগা লোকে নিজৰ বুলি দাবী কৰা সন্দৰ্ভত শ্ৰী যাদৱে কয়, যে অসম আৰু নাগালেণ্ড চৰকাৰে বিষয়টো আলোচনা কৰি মীমাংসা কৰিব। উচ্ছেদিত এলেকাত বন বিভাগে পৰৱৰ্তী সময়ত বনানিকৰণৰ বাবে আঁচনি গ্ৰহণ কৰিব বুলি বিশেষ মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | August 8, 2025 7:59 PM | Assam Eviction
মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত প্ৰশাসনৰ উচ্ছেদ অভিযান
