■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ’ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ কৰিছিল। কালিও বন বিভাগে অঞ্চলটোত উপস্থিত হৈ উচ্ছেদৰ বাবে প্রস্তুতি চলায়। প্রায় ৭০খন এস্কেভেটৰৰ লগতে কেইবা শতাধিক বন কর্মী, আৰক্ষী আৰু প্ৰশাসনৰ লোক উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে। জাননী লাভ কৰা অধিকাংশ পৰিয়ালে উচ্ছেদৰ পূৰ্বে বয়-বস্তু সামৰি নেঘেৰীবিল ত্যাগ কৰিছে। ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ আগষ্ট পর্যন্ত উচ্ছেদ অভিযানৰ পৰা সকাহ প্ৰদান কৰা নেঘেৰীবিলৰ ৫৯টা পৰিয়ালক চিনাক্ত কৰাৰ উদ্দেশ্যে বন বিভাগে ঘৰে ঘৰে গৈ জৰীপ আৰম্ভ কৰিছে। বন বিভাগৰ লোকে প্ৰতিটো পৰিয়ালৰ দেৱালত ক্ৰমিক নম্বৰ লিখি ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা পৰিয়ালসমূহ চিনাক্ত কৰাৰ ব্যৱস্থা কৰিছে।
উল্লেখযোগ্য যে নেঘ্ৰেীবিলত উচ্ছেদ হবলগীয়া ২০৫টা পৰিয়ালৰ ভিতৰত ৭৪টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নেঘেৰীবিলৰ ৫৯টা আৰু নামবৰ বনাঞ্চলৰ ১৫টা পৰিয়াললৈ সাময়িকভাৱে সকাহ দিছিল আৰু পৰিয়ালকেইটাৰ বাবে উচ্ছেদৰ সয়সীমা ১৪ আগষ্টলৈ বৃদ্ধি কৰিছিল।
ইপিনে, লখিমপুৰ জিলা প্রশাসনে কালি নাওবৈচাৰ ফুকনদলনি আৰু কলাখোৱাৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে লক্ষ্য লৈছে। যোৰহাটত অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ মাটি অবৈধভাৱে দখল কৰি থকা দুটা পৰিয়ালৰ ঘৰত জিলা প্ৰশাসনে উচ্ছেদ চলায়। দুবছৰ পূৰ্বে জাননী দিয়াৰ পাছতো পৰিয়াল দুটাই সেই স্থানৰ পৰা আঁতৰি নোযোৱাত জিলা প্রশাসন উচ্ছেদ চলাবলৈ বাধ্য হয়।
Site Admin | August 8, 2025 10:25 AM | Akashvani | Assam Eviction | Golaghat | Local news
মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান
