মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জন খেলুৱৈক নিলম্বন কৰিছে। লক্ষ্ণৌত অনুষ্ঠিত মুস্তাক আলী ট্ৰফীৰ প্ৰাথমিক পৰ্যায়ৰ খেলৰ সময়ত অসম দলৰ একাংশ খেলুৱৈক মেচ ফিক্সিং কৰিবলৈ প্রলোভিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ পাছতে অসম ক্রিকেট সন্থাই অমিত সিনহা, ঈশান আহমেদ, অমন ত্রিপাঠী আৰু অভিষেক ঠাকুৰক নিলম্বন কৰিছে। মেচ ফিক্সিঙৰ এই অভিযোগ লাভ কৰাৰ পাছতেই বিচিচিআইৰ দুৰ্নীতি বিৰোধী আৰু নিৰাপত্তা গোটে সমগ্র ঘটনাটো সন্দৰ্ভত তদন্ত চলায়। একে সময়তে অসম ক্রিকেট সন্থাইও এই অভিযোগ সন্দৰ্ভত তদন্ত চলাই ৪ গৰাকী খেলুৱৈ অনিময়ত লিপ্ত থকা বুলি তথ্য লাভ কৰে। অসম ক্রিকেট সন্থাই খেলুৱৈ ৪ গৰাকীক দলৰ পৰা নিলম্বন কৰাৰ লগতে মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দাখিল কৰে। প্ৰাক্তন ৰঞ্জী খেলুৱৈ অমিত সিনহাই অসমক প্ৰতিনিধিত্ব কৰি ৩২ খন খেলত অংশগ্ৰহণ কৰিছিল। শিলচৰৰ অভিষেক ঠাকুৰ চলিত ৰঞ্জী ট্ৰফীত অসম দলৰ সদস্য। ডিব্ৰুগড়ৰ ঈশান আহমেদ আৰু অমন ত্ৰিপাঠী বৰ্তমান ক্লাব পৰ্যায়ৰ অসম দলৰ খেলুৱৈ। এই অভিযোগৰ পাছতে অসম ক্রিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ৪ খেলুৱৈকে সন্থাটোৰ পৰা সকলো ধৰণৰ খেলৰ লগতে কাম-কাজৰ পৰা নিলম্বিত কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
Site Admin | December 14, 2025 11:16 AM | ACA Match fixing
মেচ ফিক্সিঙৰ অভিযোগত অসম ক্রিকেট সন্থাই ৪ জন খেলুৱৈক নিলম্বন কৰে