ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেঘালয়ৰ চেৰি ব্লা’ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা

উত্তৰ-পূবৰ সবাটোকৈ জনপ্রিয় পর্যটন মহোৎসৱ মেঘালয়ৰ চেৰি ব্লা’ছম ফেষ্টিভেল ২০২৫ জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ’ব। দেশ-বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে অংশ ল’বলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাবে শ্রদ্ধা জনোৱা হ’ব। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে। তেওঁ কয়, যে মেঘালয় চৰকাৰৰ উদ্যোগত ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়াকৈ আয়োজিত চেৰি ব্লাছম ফেষ্টিভেলত জুবিন গাৰ্গৰ ঘনিষ্ঠ সংগীত শিল্পীৰ দ্বাৰা বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ দিহা কৰা হৈছে। তেওঁ কয়, যে কিংবন্তী শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জনোৱাৰ কথাটোলৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছে। জুবিন গাৰ্গৰ ঘনিষ্ঠ শিল্পী, জুবলী, প্রিয়ংকা, প্রবীন আৰু অৰূপজ্যোতিয়ে মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

প্ৰতিবছৰৰ দৰে এইবাৰো শ্বিলঙৰ প’ল গ্রাউণ্ডত হ’বলগীয়া চেৰি ব্লছম ফেস্টিভেলত কেইবাজনো আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন পপ শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব। মহোৎসৱৰ প্ৰথম দিনা বিশ্ববিখ্যাত আইৰিছ ৰক বেন দ্যা স্ক্রিপ্তাৰ লগতে জেমছ ডেকল, ডি জে ডিপ্লো প’প আৰু বলিউডৰ অভিনেত্রী নোৰা ফাটেহিয়ে অনুষ্ঠান পৰিৱেশন কৰিব। দ্বিতীয়দিনা জনপ্রিয় বেণ্ড একুৱা আৰু ৰেপ পাপ টাইগাই দেশ-বিদেশৰ পর্যটক আৰু দৰ্শকক আপ্লুট কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।