ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেঘালয়ত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল’বলৈ নির্দেশনা

পৰ্যটকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে মেঘালয়ৰ পূৱ খাচী পাহাৰ জিলাৰ উপায়ুক্ত তথা জিলা পৰ্যটন প্ৰসাৰ সমিতিৰ অধ্যক্ষই মেঘালয়ত জিলাখনত ট্রেকিং কৰাৰ সময়ত পৰ্যটকসকলক বাধ্যতামূলকভাৱে টুৰিষ্ট গাইডৰ সহায় ল’বলৈ এটা নির্দেশনা জাৰি কৰিছে। আজি শ্বিলঙত প্রকাশিত এখন জাননীযোগে এই বিষয়ে সদৰি কৰা হৈছে। ট্রেকিঙৰ সময়ত কোনো দূর্ভাগ্যজনক ঘটনা সংঘটিত হ’লে ইয়াৰ পৰা নিজকে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত পর্যটকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।