ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত ২৭টা নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে

মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত বিমানাকাশ আৰু প্ৰতিৰক্ষা, মটৰ গাড়ী আৰু যান বাহনৰ যন্ত্রাংশ, জৈৱ প্রযুক্তি, বস্ত্ৰ আৰু সাজ-পাৰ, পৰ্যটন আৰু আতিথ্য, শিক্ষা সেৱাসহ ২৭ নিৰ্মাণ আৰু সেৱাখণ্ড উপকৃত হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত বাণিজ্য আৰু উদোগত ৰাজ্যমন্ত্রী জীতিন প্রসাদে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০১৪ চনৰ ২৫ চেপ্তেম্বৰত বিনিয়োগ আৰু উদ্ভাৱনৰ প্ৰসাৰ, শ্ৰেষ্ঠ বুনিয়াদি পৰিকাঠামোৰ নিৰ্মাণ আৰু ভাৰতবৰ্ষক নিৰ্মাণ ডিজাইন আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মেক ইন ইণ্ডিয়া অভিযান আৰম্ভ কৰা হৈছিল।