ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2024 8:14 PM | Piyush Goyal

printer

মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলৰ প্ৰকাশ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে মেক ইন ইণ্ডিয়াৰ লেখীয়াকৈ ব্ৰেণ্ড ইণ্ডিয়াও গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত নির্মিত যিকোনো সামগ্রী বিশ্বজুৰি মানসম্পন্ন সামগ্ৰী বুলি স্বীকৃত হোৱা উচিত। নতুন দিল্লীত পি এল আইৰ হিতাধিকাৰী সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে তেওঁলোকক এই আঁচনিসমূহৰ জৰিয়তে স্থায়ী তথা বিশ্বমানৰ সামগ্রী উৎপাদনৰ দিশে আগবাঢ়িবলৈ আহ্বান জনায়। শ্রী গোৱেলে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত নৰেন্দ্ৰ মোদী চৰকাৰে মুকলি কৰা কাৰ্যসূচীসমূহৰ ভিতৰত পি এল আই আঁচনিক অন্যতম গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ জৰিয়তে ২ লাখ কোটিতকৈ অধিক টকাৰ বিনিয়োগ হ’ব বুলি আশা প্রকাশ কৰে। বিনিয়োগ তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ভূমিকাক প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, উৎপাদন সম্পৰ্কীয় উদগণিমূলক ধনৰাশি অর্থাৎ পি এল আই আঁচনি হৈছে বিভিন্ন খণ্ডত আমদানি সন্দৰ্ভত বর্ধিত নিৰ্ভৰশীলতাৰ প্ৰতি চৰকাৰৰ সঁহাৰি। মন্ত্ৰীগৰাকীয়ে স্থায়িত্ব গুণগত মান আৰু ভাৰত ব্ৰেণ্ডে দেশৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দেশক এখন নির্মাণ খণ্ডৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিব বুলি মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।