দিল্লীৰ এখন আদালতে আজি ২৬ নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাৱুৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৩ আগষ্টলৈ বৃদ্ধি কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৰাণাৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ পাছতেই ন্যায়ালয়ে এই নির্দেশ দিয়ে। অভিযোগ নামাত গ্ৰেপ্তাৰী পৰোৱানা আৰু জব্দ কৰা অন্য নথিও দাখিল কৰে।
Site Admin | July 9, 2025 2:38 PM | NIA Tahawwur
মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাৱুৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৩ আগষ্টলৈ বৃদ্ধি