December 30, 2025 10:10 AM | Mumbai Fir incident

printer

মুম্বাইৰ পশ্চিম ভান্দুপ অঞ্চলত সংঘটিত এটা শোকাৱহ বাছ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু

মুম্বাইৰ পশ্চিম ভান্দুপ অঞ্চলত যোৱা নিশা সংঘটিত এটা শোকাৱহ বাছ দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হয়। নিশা প্রায় ১০ বজাত সংঘটিত দুর্ঘটনাটোত অন্য ৯ গৰাকী লোক আহত হোৱাৰ বাতৰি আহিছে। বৃহনমুম্বাই ইলেকট্রিক ছাপ্পাই এণ্ড ট্রান্সপৰ্টৰ এখন বাছে পথচাৰীক মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী মহিলা আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আহত লোকসকলক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাছখনৰ চালকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে দুৰ্ঘটনাত নিহত চাৰিওগৰাকী লোকৰ নিকটত্মীয়ক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে। এই দুৰ্ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ নিহত লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।