ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুম্বাইৰ ছেমবুৰৰ অগ্নিকাণ্ডত নিহতসকলৰ নিকতাত্মীয়লৈ মুখ্যমন্ত্রী একনাথ সিন্দেৰ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দে আজি মুম্বাইৰ ছেমবুৰৰ অগ্নিকাণ্ড সংঘটিত স্থান পৰিদৰ্শন কৰি নিহতসকলৰ নিকতাত্মীয়লৈ ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, চৰকাৰে এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুগৰাকী লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰিব। উল্লেখযোগ্য যে, ছেমবুৰ অঞ্চলৰ এটা দুমহলীয়া ঘৰৰ প্ৰথম মহলাত আজি জুই লগাৰ ফলত তিনিটা নাবালককে ধৰি একেটা পৰিয়ালৰে ৭ জন লোকৰ মৃত্যু হয়। এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্রশাসনে ঘটনাৰ তদন্ত কৰিব আৰু ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।