ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 18, 2024 8:33 PM | Minister Ranjit Das

printer

মুছলপুৰত গ্ৰামোন্নয়ন বিভাগৰ সমল কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ মুছলপুৰত গ্ৰামোন্নয়ন বিভাগৰ সমল কেন্দ্ৰ এটাৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ উন্নয়ন প্ৰশিক্ষণৰ সা-সুবিধা তথা সামর্থ্য বৃদ্ধিৰ লক্ষ্যৰে এই সমল কেন্দ্ৰটো নিৰ্মাণ কৰা হ’ব। প্ৰায় ২ কোটি টকা ব্যয়সাপেক্ষ এই সমল কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বি-টি-আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আদি উপস্থিত থাকে। এই উপলক্ষে মুছলপুৰ জিলা গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ চৌহদৰ সমীপত আয়োজিত সভাত ভাষণ দি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্মাণ হ’বলগীয়া এই সমল কেন্দ্ৰটোৱে সমাগত দিনত বিভিন্ন প্রশিক্ষণ প্ৰদানত পর্যাপ্ত সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব বুলি উল্লেখ কৰে । নির্মাণ সম্পূৰ্ণ হৈ উঠিলে এই কেন্দ্ৰটোৰ জৰিয়তে লাভ কৰা প্ৰশিক্ষণৰ দ্বাৰা বহুসংখ্যক ব্যক্তিয়ে জীৱিকা অৰ্জনৰ পথো মুকলি কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই সভাতেই সমগ্ৰ বি-টি-আৰত ২১৪টা ভি চি ডি চিৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। উল্লেখযোগ্য যে অহা ডিচেম্বৰ মাহত সমগ্ৰ ৰাজ্যতে পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই গাঁও পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ দলীয় পতাকা নাথাকে । ইয়াৰ পাছতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মুছলপুৰত কেওট জাতীয় পৰিষদ, বাক্সা জিলা সমিতিৰ নৱনিৰ্মিত কমিউনিটী হল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।