মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব। শ্রীমোদীয়ে কালি এই সন্মিলনৰ এখন বৈঠকত অধ্যক্ষতা কৰিছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে সন্মিলনৰ সময়ছোৱাত তেওঁ প্ৰশাসন আৰু সংস্কাৰ বিষয়ক কেইবাখনো অন্তদৃষ্টি সম্পন্ন আলোচনাত অংশগ্রহণ কৰে।
তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলন যোৱা শুকুৰবাৰে আৰম্ভ হৈছিল। সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নৰ বিষয়ত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। প্রধানমন্ত্ৰীৰ সমবায় ভিত্তিক সহযোগিতাৰ লক্ষ্যক গুৰুত্ব দি এই সন্মিলনে এখন মঞ্চ হিচাপে সেৱা আগবঢ়াইছে। যাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতাৰে ভৱিষ্যতৰ সৰ্বাত্মক বিকাশৰ দিশত আৰু মানৱ পুঁজি গঠনৰ ক্ষেত্ৰত সংহত ৰূপৰেখাৰ এটা আৰ্হি প্ৰস্তুত কৰিব পাৰে। এই বৈঠকত বিকশিত ভাৰতৰ বাবে মানৱ ৰাজধানী বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। যাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহে অনুসৰণ কৰিবলগীয়া উত্তম পদ্ধতি আৰু কৌশলসমূহক সামৰি লোৱা হৈছে। এই বিষয়বস্তুৰ অধীনত শিশুৰ প্ৰাকপ্রাথমিক শিক্ষা, স্কুলীয়া শিক্ষা, দক্ষতা, উচ্চ শিক্ষা, ক্রীড়া আৰু সহপাঠ্যক্রমভিত্তিক কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হৈছে। এই সন্মিলনত ছটা বিশেষ বিষয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি বিশেষ অধিৱেশন অনুষ্ঠিত হৈছে। ইয়াৰে ভিতৰত শাসন সুবিধা, দুর্যোগ প্রশমনত প্রযুক্তি, স্মার্ট যোগান শৃংখল আৰু বজাৰ সংযোগকৰণৰ বাবে কৃষিৰ অংশীদাৰিত্ব, এখন ৰাজ্য, এটা বিশ্বমানৰ পৰ্যটন স্থান, আত্মনিৰ্ভৰ ভাৰত আৰু স্বদেশী আৰু বাঁও উগ্রবাদৰ ভৱিষ্যতৰ বাবে কৌশল আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছে ।