মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি কৰে। আয়ুষ্মান অসম মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানতে ৰাজ্যিক কৰ্মচাৰীসকলক নতুন স্বাস্থ্য বীমা আঁচনিখনৰ হেল্থ কার্ডো বিতৰণ কৰে। তদুপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই একেটা অনুষ্ঠানতে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ডিজিটেল সংবাদপত্ৰখনো উন্মোচন কৰে।
অনুষ্ঠানটোত মুখ্য সচিবকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া আৰু বিভিন্ন চিকিৎসালয়ৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰে। একেদৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত আন এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা, স্বাস্থ্য, আৰক্ষী, অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোৰ্ডৰ জৰিয়তে প্রায় ২৫ হাজাৰ নিৰ্বাচিত প্রার্থীক নিযুক্তিপত্ৰ বিতৰণ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিছে। ড° শৰ্মাই মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণ আঁচনিৰ প্ৰস্তুতি সন্দৰ্ভতো আজি আন এখন বৈঠকত পর্যালোচনা কৰে৷
Site Admin | October 29, 2025 8:05 PM | CM Lok Sewa
মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনি আনুষ্ঠানিকভাৱে মুকলি
 
		