মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০৬ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে নাৰী শক্তিক উদ্যোগীকৰণৰ দিশত সবল কৰি তোলাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন প্রচেষ্টা গ্রহণ কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ ৪০ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলাক ইতিমধ্যে লাখপতি বাইদেউলৈ উন্নীত কৰা হৈছে। পৰৱৰ্তী সময়তো মহিলাসকলক আর্থিক সবলীকৰণৰ এই প্ৰচেষ্টা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
ইপিনে মুখ্যমন্ত্ৰীৰ উজনি অসম ভ্ৰমণৰ সময়তে জনজাতিকৰণৰ দাবীত চাহ জনগোষ্ঠীৰ লোকসকলে বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিওৱা সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয়, যে এই দাবী হৈছে তেওঁলোকৰ ন্যায্য দাবী আৰু এই প্ৰতিবাদৰ প্ৰতি চৰকাৰৰো সমৰ্থন আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাৰ নৱনিৰ্মিত আৱৰ্ত ভৱন চৌহদত এটি গছপুলি ৰোপণ কৰে।
ড০ শর্মাই আজি ডিব্ৰুগড় জিলাত এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান-বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ’ব।