ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 30, 2024 1:00 PM | CM Release

printer

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত উদ্যোগীক প্ৰথমটো কিস্তি প্ৰদান

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫ হাজাৰ ২৩৮ গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এটা বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প্ৰদান কৰে। অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। এই অভিযানৰ যোগেদি ৰাজ্যৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি ঔদ্যোগিকীকৰণৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। এই আঁচনিৰ যোগেদি নৱপ্ৰজন্মক স্বাৱলম্বী হ’ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানৰ অধীনত কৃষি আৰু উদ্যান শস্য, পেকেজিং, বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজন, মীন পালন, বাঁহ, ৰবৰ, অগৰু আদি ৰোপণ, কাগজ, কলম তথা লেখন সামগ্ৰীৰ ব্যৱসায়, কাঠভিত্তিক উদ্যোগ, পশুধন, সেৱা আৰু অন্যান্য খণ্ডৰ যোগ্য বিবেচিত উদ্যোগীলৈ ২ লাখ টকাৰ পৰা ৫ লাখ টকা পর্যন্ত সাহায্য আগবঢ়োৱা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।