ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ ই ডিলৈ জাননী

দিল্লী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক জাননী জাৰি কৰে। সুৰা নীতি কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা জামিন আবেদনক কেন্দ্ৰ কৰি ন্যায়ালয়ে এই জাননী জাৰি কৰে। ন্যায়াধীশ নীনা বানচাল কৃষ্ণাৰ বিচাৰপীঠে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোক ইয়াৰ প্ৰতিক্ৰিয়া দাখিল কৰিবলৈ কয় আৰু বিষয়টো ১৭ জুলাইত শুনানিৰ বাবে স্থগিত ৰাখে। বিচাৰপীঠখনে কৈছে যে, বিবাদটো পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰা হ’ব। ইয়াৰ মাজতে চিবিআইক ইয়াৰ উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছে ।