মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। গাঁও আৰু নগৰ অঞ্চলৰ ১৭ হাজাৰৰো অধিক মহিলাক মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যমিতা আঁচনিৰ প্ৰাৰম্ভিক পুঁজি হিচাপে ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয়, যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই টকা মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰিছে বুলি ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে। ড০ শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে মধ্যবিত্তসকলৰ বাবে কাম কৰি আহিছে।
Site Admin | December 6, 2025 7:13 PM | Akashvani Guwahati | Akashvani News | Chief Minister Himanta Biswa Sarma | CMO Assam
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মহিলাসকলৰ মাজত চেক বিতৰণ