ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুখ্যমন্ত্ৰীৰ উপস্থিতিত জামুগুৰিহাটত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন

■ দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব।

এক কোটি ৭০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্রীড়া প্ৰকল্পটোত দুখন বেডমিণ্টন কোর্ট, ৪ খন টেবল টেনিছ কোর্ট আৰু যোগাভ্যাস, শৰীৰচৰ্চা আৰু কাৰ্যালয়ৰ বাবে এটাকৈ কোঠা উপলব্ধ হ’ব। এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্যমন্ত্ৰীক সংগ দিব।