ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 22, 2025 7:12 PM | Assam CM at Nagaon

printer

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত নগাঁৱত আত্মসহায়ক গোটৰ মহিলালৈ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২৫ হাজাৰৰো অধিক মহিলাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১৯ হাজাৰ ৬২৮ গৰাকী আৰু নগৰাঞ্চলৰ ৬ হাজাৰ ৯৫৭ গৰাকী মহিলা আছে। এই উপলক্ষে নগাঁও চহৰৰ নেহৰুবালিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়, যে প্রথম পর্যায়ত প্ৰদান কৰা এই মূলধনে ৰাজ্যখনত মহিলা নেতৃত্বাধীন বিকাশৰ পথ প্রশস্ত কৰিব।
এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গ্রাম্য অর্থনীতি সুদৃঢ় হ’ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ বীৰাংগনা মূলাগাভৰু আৰু ছহিদ কনকলতাৰ দেশপ্ৰেমে প্রত্যেককে অনুপ্ৰাণিত কৰাৰ দৰে অসমৰ আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ ক্ষেত্ৰত বৰ্তমানৰ নাৰী শক্তিও শক্তিশালী উদাহৰণ হ’ব পাৰে বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানত ২৭ হাজাৰৰো অধিক লোকে সমস্বৰে ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে।
মুখ্যমন্ত্রী শর্মাই আজি জিলাখনত ২৫ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্পও উদ্বোধন কৰে। তেওঁ নগাঁও আৱৰ্তভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ ৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মিত গৌৰৱ পথছোৱা মুকলি কৰে। ইয়াৰ পাছত তেওঁ ৮ কোটি ৭৩ লাখৰো অধিক ধন ব্যয় সাপেক্ষ কেইবামহলীয়া নতুন বজাৰগৃহ উদ্বোধন কৰে। সকলো ধৰণৰ সুবিধাযুক্ত এই চাৰিমহলীয়া বজাৰগৃহই গ্ৰাহকক পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত বজাৰ কৰাৰ অভিজ্ঞতা প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে আজি নগাঁৱৰ মহাত্মা গান্ধী পথত ৭ কোটি ১৩ লাখৰো অধিক টকা ব্যয়সাপেক্ষ নিৰ্মাণ কৰা অত্যাধুনিক ছুইমিং পুল উদ্বোধন কৰে। তেওঁ লগতে জিলাখনৰ মতিৰাম বৰা পথত নৱনিৰ্মিত স্বাস্থ্য সেৱাৰ যুটিয়া সঞ্চালকৰ নতুন কাৰ্যালয় ভৱনো মুকলি কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সমাগত অসম বিধানসভাৰ অধিৱেশনত ভালেমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হ’ব বুলি উল্লেখ কৰে। তেওঁ কয়, যে সত্ৰৰ সংৰক্ষণ, বহুবিবাহৰ বিৰুদ্ধে আইন, চাহ বাগিচাৰ শ্ৰমিকক ভূমিপট্টা প্ৰদান আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয় সমাগত বিধানসভাৰ অধিৱেশনত আলোচনা কৰা হ’ব।