মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো ২০২৬ চনৰ ছেপ্তেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰধানমন্ত্ৰী পোষণৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা এই বান্ধনিঘৰৰ পৰা কাষৰ বিদ্যালয়সমূহৰ শিক্ষার্থীসকলক গুণগত, মানসম্পন্ন, পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰ প্ৰদান কৰা হ’ব। শিশুৰ পুষ্টিহীনতা নির্মূল কৰাৰ লক্ষ্যৰে স্থাপন কৰিবলগীয়া এই ৰান্ধনিঘৰে নিয়োগবো সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ লগতে বন্ধনৰ খাদ্য পৰিকল্পনা বৃদ্ধি কৰি বান্ধনিঘৰ প্ৰকল্পটোৱে ৰাইজৰ মাজত খাদ্য যোগান আৰু আহাৰ সম্পৰ্কীয় সজাগতা বৃদ্ধিবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব। প্ৰকল্পটোত ১,৭০০ বৰ্গ মিটাৰৰ এটা বান্ধনিঘৰৰ লগতে প্রশাসক, জ্যেষ্ঠ প্রবন্ধকৰ আৱাস আৰু প্ৰশিক্ষণ ভৱনৰ দৰে সুবিধা থাকিব বুলি বিভাগীয় কর্তৃপক্ষই জানিবলৈ দিছে। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বৰা, চিকিৎসা মন্ত্রী প্রশান্ত ফুকন, পৰিবহণ মন্ত্ৰী যোগেন মহন, বিধায়ক চক্ৰধৰ গগৈকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Site Admin | June 15, 2025 1:37 PM | CM Assam at Dibrugarh
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন