ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ জেইল ৰোডত চিটী হাস্পটালৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ জেইল ৰোডত অসম চিকিৎসা মহাবিদ্যালয় হাস্পটালৰ অন্তর্গত চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮, ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ’ব।ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শর্মাই ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি জিলাৰ চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ সামগ্রিক উন্নয়নৰ লক্ষ্যৰে সমষ্টিটোত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু সংশ্লিষ্টবিষয়াসকলক সমস্যা দূৰ কৰাৰ বাবে যাৱতীয় নির্দেশ প্রদান কৰে। সমষ্টিটোৰ বান সমস্যাৰ বুজ লৈ ড০ শৰ্মাই গোসাঁইগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত বানে সৃষ্টি কৰা সমস্যা দূৰ কৰাৰ বাবে গাই নদীৰ সোঁফালৰ মথাউৰিৰ দৈর্ঘ্য ১.৬০ কিলোমিটাৰ বৃদ্ধি কৰাৰ কাম চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰিবলৈ জল সম্পদ বিভাগক নির্দেশ দিয়ে। তেওঁ লগতে মৰিল আৰু গাই নদীৰ বৰ্তমানৰ মথাউৰি সবলীকৰণত গুৰুত্ব আৰোপ কৰি পৰৱৰ্তী বাজেটত এই সম্পৰ্কীয় আঁচনি অন্তর্ভুক্ত কৰিবলৈ কয়।

অধিক পঢ়ক

সকলো চাওক