ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্র বিনিময় অনুষ্ঠান

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ভিন্ন কাৰ্যসূচী হাতত লৈছে। ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত চুক্তিপত্র বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি শক্তি বিভাগত যুটীয়া পদক্ষেপৰ উদ্বোধন আৰু ভূমি আৱণ্টন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ৰাজ্য চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত ২২,৮৯৯ কোটি টকাৰ চুক্তিৰ বিনিময় সম্পন্ন হ’ব। এই বিনিয়োগৰ দ্বাৰা ৰাজ্যত প্ৰায় ছহেজাৰ নতুন নিয়োগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।