January 4, 2026 8:54 PM | Assam CM at Dimoria

printer

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪৭৬৬ গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪৭৬৬ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ সন্দৰ্ভত অৱগত কৰে। ড° শৰ্মাই ডিমৰীয়া সমষ্টিৰ উদ্যমী মহিলাসকলে এই ধনৰ সদ্ব্যৱহাৰৰ জৰিয়তে স্বাৱলম্বী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব বুলি আশা প্রকাশ কৰে। মহিলাসকল আর্থিকভাৱে সৱল হলে গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ পথ প্রশস্ত হব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ড০ শৰ্মাই অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত খছৰা ভোটাৰ তালিকা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে খছৰা ভোটাৰ তালিকা সন্দৰ্ভত অভিযোগ থকাসকলে ২২ জানুৱাৰীৰ ভিতৰত নিৰ্বাচন আয়োগৰ ওচৰত আবেদন দাখিল কৰিব পাৰিব।