মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনৰ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব। উল্লেখযোগ্য যে ৰাইজৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীৰ বাবে প্রধানমন্ত্রী গৰীৱ কল্যান অন্ন যোজনাৰ অধীনত সমগ্র দেশতে বিনামুলীয়া চাউলৰ ব্যৱস্থা কৰি আহিছে।

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত দক্ষিণ শালমাৰা মানকাচৰ জিলাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালক ৰাজ সাহায্যযুক্ত মচুৰ ডাইল, চেনী আৰু নিমখ সুলভ মূল্যত যোগান ধৰা হ’ব। এই সন্দৰ্ভত আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই সংবাদমেল সম্বোধন কৰি জিলাখনৰ ৪১৫ খন সুলভ মূল্যৰ দোকানত ৮৭,৫৮৭ টা পৰিয়ালক কাইলৈৰ পৰা এই সামগ্রী বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। প্রথম পর্যায়ত পৰিয়ালসমূহে প্রতি কিলোগ্রাম মচুৰ ডাইল ৬৯ টকা, নিমখ প্রতি কিলোগ্রামত ১০ টকা আৰু চেনী প্রতি কিলোগ্রামত ৩৮ টকা মূল্যত কিনিব পাৰিব। অহা জানুৱাৰী মাহৰ পৰা এই মূল্য হ্রাস কৰি মচুৰ ডাইল প্রতি কিলোগ্রামত ৬০ টকা আৰু চেনী প্রতি কিলোগ্রাম ৩০ টকা দামত পৰিয়ালসমূহে লাভ কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। প্রতিখন কাৰ্ডৰ বিপৰীতে এক কিলোগ্রামকৈ সামগ্রী প্রদান কৰা হ’ব বুলি আজিৰ এই সংবাদমেলত প্রকাশ কৰে।

একেদৰে চিৰাং জিলাৰ চিডলী আৰু বিজনী বিধানসভা সমষ্টিত কেনেদৰে গ্ৰাহক ৰাইজক এই সামগ্রী প্ৰদান কৰা হ’ব সেই বিষয়ে আজি চিৰাং জিলাৰ আয়ুক্ত যতীন বৰাই এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয়, যে কাইলৈৰ পৰা এইমাহৰ ১৯ তাৰিখলৈ এই সেৱাৰ সুবিধা ৰাইজে গ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে কয় যে প্রতি মাহৰ পহিলা তাৰিখৰ পৰা ১০ তাৰিখলৈ এই সেৱা আগবঢ়োৱা হ’ব। কাইলৈ মুখ্যমন্ত্ৰীৰ অনুষ্ঠান চিৰাঙৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত পোনপটীয়াকৈ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে বুলিও আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

শ্রীভূমি জিলাতো অন্ন সেৱা দিবস উপলক্ষে সামগ্রীসমূহ শৃংখলিতভাবে বিতৰণ কৰাত সকলো নাগৰিকক সহযোগিতা কৰিবলৈ জিলা প্রশাসনে আহ্বান জনাইছে।

হোজাই জিলাত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে সংবাদ মেল সম্বোধন কৰি এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ ৮০১২ খন সুলভ মূল্যৰ দোকানৰ পৰা গ্ৰাহক ৰাইজে এই সুবিধা গ্ৰহণ কৰিব পাৰিব বুলি প্রকাশ কৰে।

ধেমাজী জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবীৰে সংবাদমেল সম্বোধন কৰি জিলাখনৰ ১১০২ খন সুলভ মূল্যৰ দোকানত কাইলৈৰ পৰা এই সামগ্রী বিতৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। কোকৰাঝাৰ জিলাতো কাইলৈৰ পৰা অন্ন সেৱা আঁচনি আৰম্ভ কৰা হ’ব বুলি জিলা প্রশাসনে জানিবলৈ দিছে। শিৱসাগৰ জিলাত ১০২৬ খন সুলভ মূল্যৰ দোকানত ১ লাখ ৬১ হাজাৰ ৭৭৩ টা পৰিয়ালে কাইলৈৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব।