ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 19, 2025 12:41 PM | assam cabinet

printer

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত দপ্তৰৰ কিছু সাল-সলনি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত দপ্তৰৰ কিছু সাল-সলনি কৰা হৈছে। কালি নতুনকৈ অন্তর্ভুক্ত বি পি এফৰ বিধায়ক চৰণ বড়োক বড়োলেণ্ড কল্যাণ বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। পূৰ্বে পৰিবহণ বিভাগ যোগেন মহনৰ আৰু বড়োলেণ্ড কল্যাণ বিভাগ উখাও গৌড়া ব্ৰহ্মৰ দায়িত্বত আছিল। সম্প্ৰতি শ্ৰীব্ৰহ্ম ভূমি সংৰক্ষণ, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ দায়িত্বত থাকিব। মন্ত্ৰী যোগেন মহনৰ পৰিবহণ দপ্তৰ কৰ্তন কৰি নতুনকৈ লোকনিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দায়িত্ব দিয়া হৈছে। পূৰ্বৰ দৰে শ্ৰীমহন পার্বত্য উন্নয়ন, সমবায়, খিলঞ্জীয়া আৰু জনজাতীয় বিকাশ তথা সংস্কৃতিৰ বিভাগৰ দায়িত্বত থাকিব। একেদৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাক লোকনিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ পৰা অব্যাহতি দিয়া হৈছে। মন্ত্ৰীগৰাকী পূৰ্বৰ দৰে ক্ৰীড়া আৰু যুৱ কল্যাণ তথা সংখ্যালঘু উন্নয়ন বিভাগৰ দায়িত্বত থাকিব। উল্লেখযোগ্য যে, কালি গুৱাহাটীৰ ৰাজভৱনত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই বি পি এফৰ চৰণ বড়োক মন্ত্ৰীৰূপে শপত বাক্য পাঠ কৰোৱায়।