সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানী সংযোগ বিষয়ক সমস্ত বিষয়সমূহ পৰীক্ষা কৰাৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট এছ আই টিয়ে আজি সন্ধিয়া ৬ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ সঞ্চালকপ্রধান মুন্নাপ্রসাদ গুপ্তাই আজি দিছপুৰৰ সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ হাতত এই প্ৰতিবেদন দাখিল কৰে।
ইয়াৰ আগতে, মুখ্যমন্ত্ৰী ড° শৰ্মাই আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে এছ আই টিৰ প্ৰতিবেদন পৰীক্ষা কৰি চোৱাৰ পাছত এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
Site Admin | September 10, 2025 8:29 PM | CM SIT
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এছ আই টিৰ প্ৰতিবেদন দাখিল
