ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনে আর্থ-সামাজিক দিশত লাভ কৰা অগ্ৰগতিৰ বিষয়ে তেওঁক অৱগত কৰে। সাক্ষাৎকালত ড° শৰ্মাই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভতো প্রধানমন্ত্রীক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ নুমলীগড়ত দেশৰ ভিতৰত প্ৰথম জৈৱ ইথানল প্রকল্প সম্পর্কেও আলোচনা কৰে। অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ বাবে ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।
ড° শৰ্মাই ইয়াৰ পাছত নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনক সাক্ষাৎ কৰি মন্ত্ৰীগৰাকীক গহপুৰত নিৰ্মাণ হ’বলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীলৈ আমন্ত্রণ জনায়। উল্লেখযোগ্য যে বীৰাঙ্গনা কনকলতা বৰুৱালৈ উৎসর্গিত এই উচ্চ শিক্ষানুষ্ঠানখন সম্পূৰ্ণ ৰূপে উদ্যোগমুখী শৈক্ষিক দৃষ্টিভঙ্গীক লৈ নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই কালি কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াৰ কাম-কাজসমূহ অধিক উৎপাদনক্ষম কৰি তোলাৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে তেওঁ অসমত জল জীৱন মিছন ৰূপায়ণৰ উপৰি আনুসংগিক বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে পৰিৱেশ, বন আৰু বন্যপ্ৰাণী বিভাগৰ মন্ত্ৰী মঞ্জিন্দৰ সিং চিৰ্ছাৰ সৈতেও বৈঠকত মিলিত হৈ পৰিৱেশজনিত বিষয় সন্দৰ্ভত আলোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।