মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা কৰে। ড° শৰ্মাই প্ৰথমে ৰংঘৰ পৰিদৰ্শন কৰি প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্রস্তুতি সম্পর্কে বুজ লোৱাৰ লগতে কৃত্রিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰে। তেওঁ শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌ-মৰাণ অংশত বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা – ই এল এফেৰে নিৰ্মাণ কৰা বিশেষ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে এই আন্তঃগাঁথনি ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ সম্পদ বুলি মন্তব্য কৰে। বিমানৰ উৰণ আৰু অৱতৰণৰ সুবিধা থকা এনে আন দুটা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হোজাই আৰু বাক্সাত নিৰ্মাণ কৰি থকা হৈছে। যুদ্ধবিমান ৰাফেল, মিগ, তেজশ আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ই এল এফ নির্মাণ কৰা হৈছে। জৰুৰীকালীন সময়ৰ বাদে এই পথটো সাধাৰণ বাহন চলাচলৰ বাবে নিয়মীয়া ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হ’ব।
ৰংঘৰৰ বাকৰিৰ পৰা মুখ্যমন্ত্ৰী ড° শৰ্মা অ’ এন জি চিৰ তৈলখাদৰ বিস্ফোৰণ সংঘটিত হোৱা ভটিয়াপাৰলৈ ৰাওনা হ’ব। তেওঁ ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ-অভিযোগৰ বুজ ল’ব। ইয়াৰ পাছত তেওঁ হাৰমতিগড় আৰু গৌৰীসাগৰৰ চাৰিলেনযুক্ত পথ সংযোগী নৱনিৰ্মিত দলঙৰ বাবে প্ৰয়োজনীয় পথৰ সমস্যাৰ বুজ ল’ব। তেওঁ ২ কিলোমিটাৰ নিলগৰ শ্ৰীপুৰীয়া ঘাটৰ দিখৌ নৈৰ ঘাটত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰিব।
ড° শৰ্মাই আজি পুৱা ধাৰাপুৰ তালুক সভাঘৰৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি, ৰাজ্য চৰকাৰে আছুতীয়া পুঁজিৰ পৰা আগবঢ়োৱা ৬০ লাখ টকাৰে সভাঘৰটোৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী শিৱসাগৰত উপস্থিত হয়।
Site Admin | June 29, 2025 7:23 PM | CM Assam visit Moran & Sivasagar
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ শিৱসাগৰ জিলাৰ গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰি উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা