মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পর্যবেক্ষণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীত বান পৰিস্থিতি পর্যবেক্ষণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰে। তেওঁ কেইবাটাও সাহায্য শিবিৰত উপস্থিত হৈ শিবিৰত থকা লোকসকলৰ অভাৱ অভিযোগৰ বুজ লয়। তেওঁ বাসগৃহৰ ক্ষতি হোৱা লোকসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুন গৃহ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি দৰং জিলা ভ্রমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশ লয় । তেওঁ ১ নম্বৰ গেৰীমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে সাংসদ দিলীপ শ‍ইকীয়া, জিলাখনৰ বিধায়কসকল আৰু বিভিন্ন বিভাগৰ মুৰববীৰ পৰা জিলাখনৰ বান পৰিস্থিতিৰ বুজ লৈ বিভাগসমূহে অব্যাহত ৰখা কাম-কাজ পৰ্যালোচনা কৰে। তদুপৰি দৰং জিলাৰ বান প্ৰতিৰোধী ব্যৱস্থাটো শক্তিশালী কৰা বাবে জিলাখনত মুঠ ২৬ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ প্ৰস্তাৱ আজি বৈঠকত গ্ৰহণ কৰা হয়। এই অনুসৰি ডিমলা নৈৰ দুয়োপাৰে ১০ কিলোমিটাৰকৈ ঘাগ্ৰা নৈক সংযোগ কৰি মুঠ ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু চেৰেঙৰ পৰা ৰঙামাটি-কুৰুৱা পৰ্যন্ত ব্ৰহ্মপুত্ৰৰ পাৰত ৬ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব। এই মথাউৰিয়ে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ চৌহদ আৰু প্ৰস্তাৱিত দৰং চিকিৎসা মহাবিদ্যালয়ৰ স্থান সুৰক্ষিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।