ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি যোৱা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া নতুন দিল্লীত প্ৰথমে বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালা আৰু পাছত আই টি চি হোটেলৰ পৰিচালন সঞ্চালক অনিল ছদ্ধাক সাক্ষাৎ কৰে। বিনিয়োগ সন্মিলনত বিভিন্ন কোম্পানীয়ে দিয়া প্রতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ পৰৱৰ্তী পদক্ষেপৰূপে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ নতুন দিল্লীত দেশৰ প্ৰখ্যাত উদ্যোগতপতিসকলৰ সৈতে আন এলানি বৈঠকত মিলিত হ’ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনোৱা মতে বিনিয়োগৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ ছমাহৰ ভিতৰত বিস্তৃত ৰূপৰেখা প্ৰস্তুতৰ কাম অব্যাহত আছে।
 কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট-মাজুলী দলঙৰ পুনৰ নিবিদা প্ৰস্তুত কৰাৰ বাবে মন্ত্ৰ্যালয়ৰ সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰে। সাক্ষাতকালত যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়েও পর্যালোচনা কৰা হয়। বিশেষকৈ পথ আন্তঃগাঁথনি উন্নয়নমূলক প্রকল্পসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰি ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হয়৷