ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘবিহুৰ দিনা কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীর্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্ম-নিৰ্ভৰ কৃষিৰ জৰিয়তে কৃষি খণ্ডৰ বজাৰত প্ৰভাৱ পেলাবলৈ সাজু হৈ উঠা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, অঞ্চলটোত যুৱ কৃষকসকলে জৈৱিক পদ্ধতিৰে ৭০০ হেক্টৰতকৈও অধিক চাপৰিৰ মাটিত  শস্য উৎপাদন কৰিছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ গড়লত স্থানীয় লোকে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।
ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গাড়ীগাঁৱৰ নামঘৰত সেৱা লৈ স্থানীয় লোকৰ সমস্যাৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে গাঁওখনৰ বানপানীৰ সমস্যা সমাধান, ৰাজহুৱা শ্মশান নির্মাণ, খেলপথাৰৰ সুবিধা আদিকে ধৰি অন্যান্য প্রয়োজনসমূহ একাদিক্রমে পূৰণ কৰা হ’ব বুলি আশ্বাস দিয়ে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই সদিলাপুৰত দেৱকান্ত সমূহীয়া প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।