ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 12, 2025 9:28 PM | ASDM

printer

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গোলকীয় প্ৰতিভাৰ বাবে বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে

ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গোলকীয় প্রতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আঁচনিখনৰ প্রথম পৰ্যায়ত ১৮০ গৰাকী যুৱক-যুৱতীক জাপানী ভাষাত সাংস্কৃতিক প্রশিক্ষণ, নিযুক্তি আৰু আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ জৰিয়তে বিভিন্ন খণ্ডত ভাৰত-জাপানৰ সহযোগিতা বৃদ্ধি হোৱাৰ উপৰি অসম আৰু জাপানৰ জনসাধাৰণৰ মাজত সম্পর্ক সুদৃঢ় হ’ব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে যুৱ প্ৰজন্মই বিদেশত নিয়োগৰ সুযোগ পোৱাই নহয়, বৰং তেওঁলোক বিদেশত অধিক দক্ষতাসম্পন্ন হৈ অসমলৈ ঘূৰি আহি ৰাজ্যৰ বিকাশত অৰিহণা যোগাব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জাপানী ভাষাৰ এই পাঠ্যক্ৰমৰ মুঠ ব্যয় যথেষ্ট হ্রাস কৰা হৈছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে ইয়াৰ অধিকাংশ ব্যয় অসম চৰকাৰ আৰু জাপান চৰকাৰে বহন কৰিব। তেওঁ লগতে বছা বছা কেইগৰাকীমান অসম প্রশাসনিক সেৱাৰ বিষয়াইও এই পদক্ষেপ অংশ লৈ জাপানী ভাষা শিক্ষা লাভ কৰিব বুলি প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।