মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল’বলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহৰ বিষয়ে পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে মুখ্য সচিব ড০ ৰবি কোটাক প্রকল্পসমূহ নিয়মিতৰূপত পৰ্যৱেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লোকনির্মাণ বিভাগৰ ঠিকাদাৰসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হৈ ৰাজ্যজুৰি চলি থকা আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে ক্রীড়া, যুৱ কল্যাণ, লোকনিৰ্মাণ বিভাগ আৰু বিত্ত বিভাগৰ বিষয়াসকলৰ সৈতে কালি আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ আৰু স্বাস্থ্য, শিক্ষা, গৃহকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হৈ নিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰে। তদুপৰি মুখ্যমন্ত্ৰীয়ে কালি জিলা আয়ুক্ত আৰু সম-জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ উদযাপন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। এই কাৰ্যসূচীৰ অধীনত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ লগতে গ্ৰন্থবৰ্ষ উপলক্ষে এহেজাৰগৰাকী লেখকক ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান আৰু ৭৫টা স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হ’ব। পৰিৱেশ সজাগতা অভিযানৰ অংশ হিচাপে ২০ হাজাৰ শিক্ষানুষ্ঠানলৈ ১৫ লাখ গছপুলি বিতৰণ কৰা হ’ব। ইয়াৰ উপৰি মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ভূমি পট্টা বিতৰণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
Site Admin | August 31, 2025 11:39 AM | Assam CM Meeting
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল’বলৈ গুৰুত্বপূৰ্ণ বৈঠক