ডাউনলোড
মোবাইল এপ

android apple
signal

August 3, 2025 6:25 PM | CM@BTR

printer

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিজেপি চৰকাৰ শাসনত থকালৈ ৰাজ্যত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পৰাই বি টি আৰত হিংসাত্মক পৰিস্থিতি সংঘটিত হোৱা নাই। বিগত পাঁচ বছৰত বি টি আৰত শান্তিৰ বাতাবৰণ সৃষ্টি কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰে। ইপিনে, মুখ্যমন্ত্ৰীগৰাকীয়ে বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে অহা ৫ আগষ্টত চিৰাঙৰ বিজনীত দুখনকৈ দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে আজি চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ে সভাৰ প্ৰস্তুতিৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।