মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে আজি শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ যাব। তেওঁ পোনে পোনে শিৱসাগৰ নগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হৈ ৰংঘৰৰ প্ৰস্তাৱিত অত্যাধুনিক প্ৰকল্পৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ লগতে কৃত্রিম বানৰ উৎপত্তি আৰু সমাধান সন্দৰ্ভতো পৰ্যবেক্ষণ কৰিব। ইয়াৰ পাছত তেওঁ অ’ এন জি চিৰ তৈলখাদৰ বিস্ফোৰণ সংঘটিত হোৱা ভটিয়াপাৰলৈ ৰাওনা হ’ব। তেওঁ ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হৈ অভাৱ-অভিযোগৰ বুজ ল’ব। ইয়াৰ পাছত তেওঁ হাৰমতিগড় আৰু গৌৰীসাগৰৰ চাৰিলেনযুক্ত পথ সংযোগী নৱনিৰ্মিত দলঙৰ বাবে প্ৰয়োজনীয় পথৰ সমস্যাৰ বুজ ল’ব। তেওঁ ২ কিলোমিটাৰ নিলগৰ শ্ৰীপুৰীয়া ঘাটৰ দিখৌ নদীৰ ঘাটত নিৰ্মাণ কৰা পকী দলং উদ্বোধন কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মাণ হৈ থকা বিমানৰ জৰুৰীকালীন অৱতৰণৰ সুবিধা পৰিদৰ্শন কৰিবলৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে মৰাণৰ জাতীয়নী গাঁৱত প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষ জৰুৰীকালীন অৱতৰণ সুবিধা চমুকৈ ই এল এফ নিৰ্মাণ কৰি থকা হৈছে। যুদ্ধবিমান ৰাফেল, মিগ, তেজশ আদিকে ধৰি সামৰিক বিমান অৱতৰণ আৰু উৰণৰ আৰ্হিৰে এই ই এল এফ নিৰ্মাণ কৰা হৈছে। জৰুৰীকালীন সময়ৰ বাদে এই পথটো সাধাৰণ বাহন চলাচলৰ বাবে নিয়মীয়া ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হ’ব। উত্তৰ-পূৰ্বাঞ্চলত দেশৰ জৰুৰীকালীন সময়ত প্ৰতিৰক্ষা বৃদ্ধিৰ ক্ষেত্ৰত এই ই এল এফে আত্মনিৰ্ভৰশীল ভাৰতৰ লগতে শক্তি বৃদ্ধিত অভূতপূৰ্ব অৰিহনা যোগাব বুলি আশা কৰা হৈছে।
Site Admin | June 29, 2025 11:55 AM | CM Assam Sivasagar and Dibrugarh visit
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লক্ষ্যৰে শিৱসাগৰ আৰু ডিব্ৰুগড়লৈ ৰাওনা
 
		 
									 
									