ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 29, 2024 11:33 AM | Atmanirvar Assam

printer

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ’বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প্ৰদান কৰিব। অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। এই অভিযানৰ যোগেদি ৰাজ্যৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ উপৰি ঔদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি কৰা প্ৰয়াস কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই আঁচনিৰ যোগেদি নৱপ্ৰজন্মক নিজৰ ভৰিত থিয় হ’ব পৰাকৈ আৰ্থিক অনুদান, প্ৰশিক্ষণ আৰু বিপণনৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই অভিযানৰ অধীনত কৃষি আৰু উদ্যান শস্য, পেকেজিং, বৃত্তিমূলক শিক্ষাৰে স্বনিয়োজন, মীন পালন, বাঁহ, ৰবৰ, অগৰু আদি ৰোপণ, কাগজ, কলম তথা লেখন সামগ্ৰীৰ ব্যৱসায়, কাঠভিত্তিক উদ্যোগ, পশুধন, সেৱা আৰু অন্যান্য খণ্ডৰ যোগ্য বিবেচিত উদ্যোগীলৈ ২ লাখ টকাৰ পৰা ৫ লাখ টকা পর্যন্ত সাহায্য আগবঢ়োৱা হ’ব। আজিৰ অনুষ্ঠানত নিৰ্বাচিত উদ্যোগীলৈ ৭৫ হাজাৰ টকাৰ প্ৰথম কিস্তি আগবঢ়োৱা হ’ব। তিনিদিনীয়া প্রশিক্ষণ অন্তত তেওঁলোকক ২৫ হাজাৰ টকাকৈ দ্বিতীয় কিস্তি আৰু উদ্যোগ তথা ব্যৱসায়টোৰ অগ্ৰগতি অনুসৰি উদ্যোগীগৰাকীৰ অৰ্হতাৰ ভিত্তিত ১ লাখ টকাৰ ৪ লাখ টকা পৰ্যন্ত অন্তিমটো কিস্তি আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে এই আঁচনিৰ বাবে ৰাজ্যৰ মুঠ ২৫,২৩৮ গৰাকী উদ্যোগী বাছনি কৰা হৈছে।