ভাৰতে আজি ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান অর্থনৈতিক সংঘ EAEUৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ বাবে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিব। চলিত বৰ্ষৰ ২০ আগষ্টত স্বাক্ষৰিত হোৱা বিশেষ চুক্তি অনুসৰি নতুন দিল্লীত ৰাছিয়া, আর্মেনিয়া, বেলাৰুছ, কাজাখস্তান আৰু কির্গিস্তানকে ধৰি EAEUৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে এই আলোচনা আৰম্ভ হ’ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিযুষ গোৱেলে ঘোষণা কৰিছে। এই চুক্তিয়ে ১৮ মহীয়া ৰোডমেপৰ জৰিয়তে বিশেষকৈ ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, কৃষক আৰু মাছমৰীয়াসকলৰ বাবে ব্যৱসায়ৰ নতুন পথ প্রশস্ত কৰিব। আমেৰিকাই আৰোপ কৰা উচ্চ শুল্কৰ মাজতে ভাৰতে নিজৰ ৰপ্তানিৰ নতুন সম্ভাৱনা সৃষ্টিৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে যথেষ্ট চৰ্চা লাভ কৰিছে। মন্ত্ৰী শ্রীগোৱেলে লগতে প্ৰকাশ কৰে যে, ইউৰেছিয়ান অর্থনৈতিক সংঘৰ সৈতে আলোচনাৰ বাহিৰেও ভাৰতে আন কেইবাটাও বাণিজ্যিক অংশীদাৰিত্বৰ দিশে আগবাঢ়িছে। দক্ষিণ আফ্রিকা, নামিবিয়া, বটছৱানা, লেচোথো আৰু এছৱাটিনিকে ধৰি দক্ষিণ আফ্রিকান শুল্ক সংঘ SACUৰ সৈতে বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ বিষয়ে চৰকাৰে চিন্তা-চৰ্চা কৰি থকাৰ বিষয়ে শ্রীগোৱেলে প্রকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, যে ১০০ বছৰৰো অধিক পুৰণি SICU বিশ্বৰ আটাইতকৈ পুৰণি শুল্ক সংঘ। ব্রাজিল, আর্জেণ্টিনা, উৰুগুৱে আৰু পেৰাগুৱেৰে গঠিত লেটিন আমেৰিকাৰ বাণিজ্যিক গোট মাৰ্কোছুৰৰ সৈতেও ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাণিজ্যিক চুক্তিৰ বাবে আলোচনাত মিলিত হৈছে।
Site Admin | November 26, 2025 12:02 PM | India-Russia Trade MoU
মুক্ত বাণিজ্য চুক্তিৰ বাবে ভাৰতে আজি ৰাছিয়া নেতৃত্বাধীন ইউৰেছিয়ান অর্থনৈতিক সংঘৰ আনুষ্ঠানিক আলোচনা আৰম্ভ