দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্ত্তী চপাইত মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবার্ষিকী আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত চপাই যুৱ কল্যাণ কেন্দ্ৰ প্ৰাঙ্গনত আয়োজিত জন্ম শতবার্ষিকী অনুষ্ঠান উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত দূৰদৰ্শনৰ এসময়ৰ বাতৰি পৰিবেশক তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ড০ আৰতি কলিতাই এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উপ-সভাপতি জিতেন ভাগৱতী, লেখক কুমুদ চন্দ্ৰ ডেকা, সাহিত্যিক পৃথুৰাম বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত অনাতাঁৰ শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা আৰু সূৰ্যকান্ত শৰ্মাই গীত পৰিবেশন কৰে। ইয়াৰ পূৰ্বে প্ৰয়াত মুক্তিযুঁজাৰুগৰাকীৰ প্ৰতিচ্ছবিত তেওঁৰ সহধর্মিনী ললিতা চহৰীয়াই মাল্যাৰ্পণ কৰে।
Site Admin | February 9, 2025 9:08 PM | Freedom Fighter Nidhiram Saharia
মুক্তিযুঁজাৰু প্ৰয়াত নিধিৰাম চহৰীয়াৰ জন্ম শতবার্ষিকী দিনজোৰা কাৰ্যসূচীৰে মঙলদৈত অনুষ্ঠিত