● গহপুৰত মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ ১৪ গৰাকী অগ্রণী মীন উদ্যমীৰ ভিতৰত অসমৰ পৰা প্ৰথমবাৰৰ বাবে শৰ্মাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰিচালনা সমিতিখনৰ কাৰ্যকালৰ তিনি বছৰৰ ভিতৰত অসম তথা উত্তৰ-পূবৰ মীন পালনৰ সমস্যা সমাধানৰ বাবে সহায় কৰিব বুলি শ্ৰী শৰ্মাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদৰ চাকৰি ত্যাগ কৰি জাপান, ছিংগাপুৰ আৰু থাইলেণ্ডত মৎস্য উৎপাদনৰ প্ৰশিক্ষণ লোৱা অনুপ কুমাৰ শৰ্মাই বছৰি প্ৰায় ১৩ কোটি টকাৰ মৎস্য উৎপাদন কৰে। ইয়াৰ জৰিয়তে তেওঁ চৰকাৰক কেইবালাখ টকাৰ আয়কৰ দি আহিছে। ২০১৬ চনত প্ৰথমে ৩০ বিঘা ভূমিত মৎস্য উৎপাদনৰ ব্যৱসায় আৰম্ভ কৰা শৰ্মাই একেটা অঞ্চলৰ ২১০ বিঘা পতিত ভূমিত মৎস্য উৎপাদন কৰি সফলতা লাভ কৰিছে।
Site Admin | November 13, 2025 12:28 PM | Akashvani | Akashvani Guwahati | Local news
মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি