ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 4, 2024 6:44 PM | up accident

printer

মিৰ্জাপুৰত পথ দুৰ্ঘটনাত ১০জন লোক নিহত, ৩ আহত

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত আজি পুৱতি নিশা ট্রাক আৰু ট্রেক্টৰ ট্ৰলীৰ মাজত সংঘটিত পথ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৩ জন লোক আহত হয়। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে তেওঁলোকক উচিত চিকিৎসা প্ৰদানৰ নিৰ্দেশ দিয়ে। ইপিনে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্রকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰি ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্রশাসনে ভুক্তভোগীক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা প্রকাশ কৰে। আনহাতে মির্জাপুৰৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী অনুপ্রিয়া পেটেলেও গভীৰ শোক প্ৰকাশ কৰে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মির্জাপুৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলক দুই লাখ টকাৰ অনুগ্ৰহ ৰাশি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। লগতে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজীৰ অধীনত আহতসকলক ৫০ হাজাৰ টকা প্রদান কৰাৰ কথা প্রধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।