ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 17, 2025 8:19 PM | C. R. Patil

printer

মিঠা পানীৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণ বৃদ্ধিৰ বাবে ডিজিটেল মঞ্চ মুকলি

কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে নতুন দিল্লীত আজি মিঠা পানীৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণ বৃদ্ধিৰ বাবে ডিজিটেল মঞ্চ মুকলি কৰে। তেওঁ ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযানৰ অন্তৰ্গত ভাৰতীয় বন্যপ্রাণী সংস্থাৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই মঞ্চই গংগা, কাবেৰী আৰু গোদাবৰীৰ নিচিনা প্ৰধান ভাৰতীয় নৈসমূহৰ মাজেৰে জৈৱ বৈচিত্ৰতা আৰু সামূহিক অংশীদাৰিত্বৰ বিষয়ে তথ্য প্রদান কৰিব। এই উপলক্ষ্যে অনুষ্ঠিত সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে জল জৈৱ বৈচিত্ৰ পুনৰুদ্ধাৰ, নৈ পৰিষ্কাৰকৰণ, স্থানীয় সামর্থ বৃদ্ধি কৰা আৰু সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকক জড়িত কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বচ্ছ গংগা অভিযান আৰু ভাৰতীয় বন্যপ্রাণী সংস্থাৰ প্ৰশংসনীয় কাৰ্যৰ শলাগ লয়।