ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত

মিজোৰাম দেশৰ ভিতৰতে সম্পূৰ্ণৰূপে সাক্ষৰতাপ্ৰাপ্ত প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুমা কালি কেন্দ্ৰীয় শিক্ষা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীৰ উপস্থিতিত মিজোৰামক পূৰ্ণ সাক্ষৰতাপ্রাপ্ত ৰাজ্য হিচাপে ঘোষণা কৰে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সৰ্বাত্মক শিক্ষা আৰু প্ৰতিগৰাকী নাগৰিকৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা শক্তিশালী পদক্ষেপৰ ফলত ৰাজ্যখনে এই সফলতা লাভ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে এই সাফল্যৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনাইছে। শ্রী প্রধানে সামাজিক মাধ্যমযোগে কৈছে যে এয়া ৰাষ্ট্ৰৰ বাবে গৌৰৱৰ ক্ষণ। এয়া চৰকাৰ আৰু জনসাধাৰণৰ সমূহীয়া প্ৰচেষ্টাৰ ফল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰী প্রধানে কয়, যে মিজোৰামৰ এই সাফল্যৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে অনুপ্ৰেৰণা লাভ কৰিব। এই সফলতাই বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব বুলিও তেওঁ মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।