ডাউনলোড
মোবাইল এপ

android apple
signal

September 13, 2025 7:16 PM | PM In NE

printer

মিজোৰাম আৰু মণিপুৰত কেইবা হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ ৰাজধানী আইজলত ৯ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ৰে’লৱে, পথ, ঘাইপথ, শক্তি আৰু ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰকল্প আছে। প্রধানমন্ত্রী মোদীয়ে নৱ নিৰ্মিত বেইৰবী-চাইৰাং ৰে’লপথ উদ্বোধন কৰি আইজলক ভাৰতীয় ৰে’লৱেৰ সৈতে আনুষ্ঠানিকভাৱে সংযোগ কৰে। তেওঁ ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বেইৰবী-চাইৰাং নতুন ৰে’লপথত তিনিখন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। চাইৰা – দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং-গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং–ক’লকাতাৰ মাজত ত্রিসাপ্তাহিক এক্সপ্ৰেছ ৰে’লগাড়ীয়ে দেশৰ অন্যান্য অংশৰ সৈতে মিজোৰামৰ যোগাযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব।
এই উপলক্ষে আযোজিত অনুষ্ঠানত ভাষণ দি শ্রী মোদীয়ে কয় যে আজিৰ দিনটো সমগ্র দেশৰ বাবে বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে এটা ঐতিহাসিক দিন। তেওঁ কয় যে ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে চাইৰাং প্ৰথমবাৰৰ বাবে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযোজিত হ’ব। এতিয়াৰে পৰা মিজোৰামৰকৃষক আৰু ব্যৱসায়ীসকল দেশৰ বিভিন্ন বজাৰৰ সৈতেসংযুক্ত হ’ব। ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত নিয়োগৰ সুযোগ সৃষ্টি হ’ব বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে কয় যে ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ খটকীয়া বিকশিত অৰ্থনীতি আৰু উত্তৰ-পূৰ্বাঞ্চল সম্প্ৰতি দেশৰ বিকাশৰ ইঞ্জিন হিচাপে চিহ্নিত হৈছে। মিজোৰামে এক্ট ইষ্ট পিলিচি আৰু অভিলাসী উত্তৰ-পূব ক’ৰিড’ৰৰ ক্ষেত্ৰত অন্যতম প্রধান ভূমিকা গ্ৰহণ কৰিব বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। বিগত ১১ বছৰত উত্তৰ-পূবৰ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৰি অহা কাম-কাজৰো তেওঁ খতিয়ান দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সকলোধৰণৰ যোগাযোগ ব্যৱস্থা সুচল আৰু শক্তিশালী কৰি তোলাত গুৰুত্ব দিছে। তেওঁ কয যে জি এছ টি সংস্কাৰেৰে চৰকাৰে জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ব্যৱসায় সহজ কৰি তোলাৰ বাবে কাম কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্রথম তিনিমাহত দেশৰ বিকাশৰ হাৰ ৭ দশমিক ৮ শতাংশ হৈছে। অপাৰেচন সিন্দুৰৰ উল্লেখেৰে প্রধানমন্ত্রীয়ে কয় যে এই অভিযানৰ জৰিয়তে সন্ত্ৰাসৰ পৃষ্ঠপোষকসকলক ভাৰতৰ সেনাই কিদৰে উপযুক্ত শিক্ষা দিলে, সেয়া দেশবাসীয়ে দেখিবলৈ পালে
কৰে।
এই অভিযানত দেশীয়ভাৱে নির্মিত অস্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলিও তেওঁ প্ৰকাশ অনুষ্ঠানত অংশ লৈ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৪৫টা সুৰংগ আৰু ৫৫খন বৃহৎ দলঙেৰে বেইৰবী-চাইৰাং ৰে’লপথৰ নিৰ্মাণ কাৰ্য অত্যন্ত প্ৰত্যাহ্বানমুলক আছিল। তেওঁ কয় যে এই ৰে’লপথে এতিয়া মিজোৰামক গুৱাহাটী, কলকাতা, দিল্লীকে ধৰি দেশৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে সংযোজিত কৰিব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামত লাংলায়-চিয়াহা পথত ছিমতুইপুই নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰো আধাৰশিলা স্থাপন কৰে।
আইজলৰ পৰা প্ৰধানমন্ত্ৰী মণিপুৰলৈ যায়। যোৱা প্ৰায় দুবছৰ ধৰি গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখনলৈ এই সময়ছোৱাত এয়া হৈছে তেওঁৰ প্ৰথমটো ভ্ৰমণ। আইজলৰ পৰা পোনে পোনে ইম্ফলত উপস্থিত হৈ তেওঁ স্থলপথেৰে চূড়াচান্দপুৰলৈ যায়। তাত তেওঁ গোষ্ঠা সংঘৰ্ষত গৃহহাৰা হোৱা একাংশ লোকক সাক্ষাৎ কৰে। বহুকেইগৰাকী শিশু আৰু অন্যান্য লোকে তেওঁক ফুলৰ টোৰা আদিৰে আদৰণি জনোৱাৰ লগতে এগৰাকী কনমানিয়ে নিজে অংকন কৰা প্ৰধানমন্ত্ৰীৰ প্ৰতিচছবি উপহাৰ দিয়ে। চূড়াচান্দপুৰত
প্রধানমন্ত্ৰীয়ে এখন জনসভাত অংশগ্ৰহণ কৰিব। মণিপুৰত তেওঁ ৮ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছে।